PMAY Scheme : মাত্ৰ 28 মাহত 10 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰা হৈছে; ৰণজিৎ কুমাৰ দাস

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:51 PM IST

thumbnail

বৰপেটাৰোড, 9 ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত অসমে অভিলেখ গঢ়িছে ৷ মাত্ৰ 28 মাহৰ ভিতৰত এক মিলিয়ন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰা হৈছে ৷ এক মিলিয়ন গৃহ নিৰ্মাণ কাৰ্যৰে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ এই মন্তব্য ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

শনিবাৰে বৰপেটাৰোডত সংবাদ মাধ্যমক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, বিগত 2016 চনৰ পৰা 2021 চনলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত গৃহ নিৰ্মাণৰ কাম হৈছিল মাত্ৰ 4 লাখ 4 হেজাৰ ৷ কিন্তু 2021 চনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা বৰ্তমানৰ চৰকাৰখনে এক মিলিয়ন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কৰি এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷

তেওঁ কয় যে, বিগত 28 মাহত 9 লাখ 75 হেজাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ লগতে আৰু 25 হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব ৷ অসমত সৰ্বমুঠ এক মিলিয়ন গৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব ৷ কৰ্ম-সংস্কৃতি যথেষ্ট উন্নত হোৱা ভাৰতৰবৰ্ষৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ 

লগতে পঢ়ক : BTR Cabinet Meeting: প্ৰমোদ বড়োৰ সভাপতিত্বত BTR চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.