No Dues Certificate Distribution : মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে: ৰণজিৎ কুমাৰ দাস

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:34 PM IST

thumbnail

হোজাই, ১৬ অক্টোবৰ : সোমবাৰে ৰাজ্যৰ বিভিন্ন জিলাত অসম চৰকাৰে প্ৰদান কৰে মাইক্ৰ'ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলক ঋণ ৰেহাইৰ প্ৰমাণ-পত্ৰ । সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় ৯ লাখ মহিলাক প্ৰদান কৰা হয় এই প্ৰমাণ-পত্ৰ । এই উপলক্ষে প্ৰতিখন জিলাতে অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ ঋণ ৰেহাইৰ বিশেষ অনুষ্ঠান ।

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে হোজাইতো অনুষ্ঠিত হয় এই অনুষ্ঠান । হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত খেলপথাৰত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে  ৷

অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, মাইক্ৰ'ফাইনেঞ্চৰ ঋণৰ বোজাৰ পৰা সকলো মহিলাকে ৰেহাই দিয়াৰ যি প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত প্ৰদান কৰিছিল, সেয়া আখৰে আখৰে পালন কৰিছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা সাধাৰণ প্ৰশাসনৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জিলাখনৰ তিনিওটা সমষ্টিৰ পৰা অহা ঋণগ্ৰস্ত মহিলাসকলৰ মাজত ঋণমুক্তৰ প্ৰমাণ-পত্ৰ বিতৰণ কৰে ৷

এই সভাত অংশগ্ৰহণ কৰে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলা আয়ুক্ত লাচিত কুমাৰ দাস, জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী, বিজেপি দলৰ জিলা সভাপতি অনুপ দেৱ আৰু বিষয়ববীয়াসকলে  ৷ উল্লেখ্য যে মাইক্ৰ' ফাইন্সেৰ ঋণগ্ৰস্ত জিলাখনৰ ১৭,৫৪৬ গৰাকী মহিলাৰ সৰ্বমুঠ ২৩ কোটি ৭২ লাখ টকা ৰেহাই দিয়ে অসম চৰকাৰে । 

লগতে পঢ়ক :Micro finance relief scheme : বৰপেটাত ৯,২৬৮ গৰাকী মহিলাক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.