বঙাইগাঁৱত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উত্তোলন কৰিলে জাতীয় পতাকা

By

Published : Aug 15, 2022, 8:04 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

বঙাইগাঁৱতো উদযাপন কৰা হ’ল 76 সংখ্যক স্বাধীনতা দিৱস (Independence Day Celebration in Bongaigaon) ৷ বঙাইগাঁওস্থিত কে এ চি ৰ সচিবালয়ত প্ৰথমবাৰৰ বাবে উদযাপন কৰে স্বাধীনতা দিৱস ৷ ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী ময়দানত উৎযাপন কৰা স্বাধীনতা দিৱস কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা (Ranjeet Kumar Dass Hoisted national Flag) ৷ এই অনুষ্ঠানত জিলাখনৰ পাঁচগৰাকী লোকক মান-পত্ৰ প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইপিনে, জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী গান্ধী ময়দানতো স্বাধীনতা দিৱস পালন কৰে প্ৰশাসনে ৷ পতাকা উত্তোলন কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পাৰ্থ সাৰথি জহৰীয়ে ৷ একেদৰে জিলাখনৰ উত্তৰ শালমাৰাতো কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ (Kamatapur Autonomous Council) সচিবালয়ত প্ৰথমবাৰৰ বাবে উৎযাপন কৰে স্বাধীনতা দিৱস ৷ এই অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনে জাতীয় পতাকা উত্তোলন কৰে ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.