তামুলপুৰৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীয়ুষ হাজৰিকাই

By

Published : Jun 21, 2022, 3:50 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

মঙলবাৰে তামুলপুৰৰ গোৰেশ্বৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Goreswar)। গোৰেশ্বত পুঠিমাৰী নৈয়ে(Puthimari River) ৩ টাকৈ স্থানত মথাউৰি ছিঙি নিয়াৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে (Embankment erosion at Goreswar) ৷ ইয়াৰে দুটাকৈ স্থান পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । তাৎক্ষনিকভাৱে বান প্ৰতিৰোধৰ বাবে অস্থায়ীভাৱে জি'অ বেগেৰে মথাউৰি নিৰ্মাণ কৰি বান পীড়িতক সকাহ দিয়াৰ লগতে ডিচেম্বৰৰ পৰা স্থায়ীভাৱে মথাউৰি পুনৰ নিৰ্মাণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে । জলসম্পদ মন্ত্ৰীগৰাকীৰ লগত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়েও (Assam BJP president) অঞ্চল দুটা পৰিদৰ্শন কৰে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.