Pijush Hazarika: বিৰোধী ঐক্য়ৰ ১১ টা দলৰ নাম কোনেও নাজানে; পীযুষ হাজৰীকা

By

Published : Jul 9, 2023, 4:44 PM IST

thumbnail

মাজুলী, ৯ জুলাই : দুদিনীয়া কাৰ্যসূচীয়ে মাজুলীলৈ অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই মাজুলীৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে । দ্বিতীয় দিনা পুৱাই নামনি মাজুলীৰ পেকামনি অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিচতেই তেওঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সমীপৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । সাংস্কৃতিক বিশ্ববিদ্যালয়খন সম্পূৰ্ণ হোৱাৰ আগতেই গৰাখহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ হ'ব বুলি আশ্বাস প্ৰদান কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিচতেই মাজুলীৰ ভিতৰেদি বৈ যোৱ‍া একমাত্ৰ টুনী নৈ পৰিদৰ্শন কৰি অঞ্চলটোৰ ৰাইজৰ লগত সমস্যাৰাজি সম্পৰ্কে বাৰ্তালাপ কৰে ।  

এই সন্দৰ্ভত মন্ত্ৰী  পীযুষ হাজৰিকাই কয়," ১০ দিনৰ আগতে মোক মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল মাজুলী গ'লে টুনী নৈখন চাই আহিব । টুনী নৈখন বন্ধ হৈ আছে, ৰাইজৰ অভাৱ অভিযোগ বহুত আছে । মুখ্যমন্ত্ৰীৰ কথা মতে মই টুনী নৈ চাবলৈ আহিলো ।" টুনি নৈ বন্ধ হৈ থকা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় টুনী নৈখন পুনৰ মুকলি কৰ‍া হ'ব আৰু পৰিস্কাৰ কৰিব কম দিনৰ ভিতৰতে । পতিয়ৰি অঞ্চলৰ টুনী নৈ পৰিদৰ্শনকে ধৰি ৬ তাকৈ স্থান পৰিদৰ্শন কৰি ভ্ৰমণসূচী সামৰে জলসম্পদ মন্ত্ৰী পীযূষ হাজৰীকাই ।

ইফালে ,বিৰোধী ঐক্য় সন্দৰ্ভত তেওঁ কয়,"  বিৰোধীৰ ১১ টা দলৰ কথা ওলাই আছে, কিন্তু এই ১১ টা দলৰ নাম কোনেও নাজানে । আপোনালোকে গম পাই যদি কওক মই আজি কুইজ মাষ্টাৰ । দুই চাৰিটা দলৰ নাম সকলোৱে জানে, বাকী দল নাম কোনেও নাজানে। তেওঁলোকে নিৰ্বাচন আয়োগক লগ কৰাৰ চলেৰে পৰ্যটন বিলাস কৰি ফুৰিছে ।"

লগতে পঢ়ক:Flood in Silapathar model hospital : সপ্তাহ ধৰি কৃত্ৰিম বানৰ কবলত চিলাপথাৰ মডেল হাস্পতাল

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.