Minister Bimal Borah : টিংখাঙত হাতত হেতা-গামলা লৈ মন্ত্ৰী বিমল বড়া

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 9:06 PM IST

thumbnail

ডিব্ৰুগড়, 9 নৱেম্বৰ : ৰাইজৰ মাজত ৰাইজৰ প্ৰতিনিধি । জনপ্ৰতিনিধিক চাবলৈ, এবাৰ চুই চাবলৈ ঢপলিয়াই আহিল আইতা-ককাৰ পৰা কণমানিটোলৈকে । হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰিলে প্ৰিয় নেতাগৰাকীক ।

স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়াক লৈ ৰাইজৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ'ল বৃহস্পতিবাৰে টিংখাঙত । উল্লেখযোগ্য যে বৃহস্পতিবাৰে গৃহ সমষ্টি টিংখাঙত মন্ত্ৰী বিমল বড়াই দিনজোৰা কাৰ্যসূচীৰে সমষ্টিটোৰ কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে । সমষ্টিটোৰ শলগুৰি আৰু মাহমৰা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত মুঠ ৮ টা পথ ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰে ।

কাৰ্যসূচীৰ অন্তৰ্গত চাৰেংপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে নিজে হাতত হেতা-গামলা লৈ উপস্থিত ৰাইজক ভাত-ডাইল বিলাই আপ্যায়ন কৰাৰ লগতে সকলোৰে সৈতে মাটিত বহি আহাৰ গ্ৰহণ কৰা দেখা যায় মন্ত্ৰী বিমল বড়াক ।

লগতে পঢ়ক : Minister Bimal Borah: আলফা (স্বা)লৈ যোৱাৰ চিন্তা বাদ দিবলৈ অসমৰ যুৱচামক আহ্বান মন্ত্ৰী বিমল বড়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.