Road Mishap in Nagaon : তীব্ৰবেগী বাহনে মহতিয়ালে দুই চাইকেল আৰোহীক; সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:46 AM IST

thumbnail

চমাগুৰি, 29 অক্টোবৰ : শনিবাৰে নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত আহত হৈ দুজনকৈ চাইকেল আৰোহী ৷ তীব্ৰবেগী এখন চাৰিকীয়া বাহনে মহতীয়াই নিয়ে এই দুই চাইকেল আৰোহীক । ইফালে দুৰ্ঘটনা সংঘটিত কৰা AS-02-AG-7234 নম্বৰৰ বাহনখনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও ৰাইজে খেদি খেদি বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে চেগ বুজি বাহনখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ 

আনহাতে, স্থানীয় লোকে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুয়োজন চাইকেল আৰোহীক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ অৱশ্যে লোক দুজনৰ স্বাস্থ্য অৱনতি ঘটাত দুয়োকে নগাঁৱলৈ প্ৰেৰণ কৰে । দুয়োজন চাইকেল আৰোহী পূব শিঙিমাৰী আৰু পশ্চিম শিঙিমাৰীৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Robot as Nurse : চিকিৎসালয়ত নাৰ্ছৰ স্থান ল’ব ৰবটে, কৰ্ণাটকৰ ছাত্ৰৰ সফলতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.