Azadi Ka Amrita Mahotsav: হোজাইত একেলগে স্মৃতি ফলক উন্মোচন-গছপুলি ৰোপণ

By

Published : Aug 13, 2023, 6:17 PM IST

thumbnail

হোজাই, ১৩ আগষ্ট: আজাদী কা অমৃতা মহোৎসৱ উপলক্ষে হোজাই মহকুমাৰ প্ৰশাসনৰ উদ্যোগত হোজাইত এক বৃহৎ পৰিসৰৰ অনুষ্ঠানৰ আয়োজন কৰা হয় । আজি একেলগে জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰাংগণত ৬২ স্থানত স্মৃতি ফলক উন্মোচন কৰা হয় । সমান্তৰালভাৱে পঞ্চপ্ৰণা শপত গ্ৰহণ উপৰি ৭৫ জোপাকৈ গছপুলি ৰোপণ কৰা হয় । এই কাৰ্যসূচী হোজাই জিলাৰ বিভিন্ন বিভাগৰ বিষয়া আৰু শ্বহীদ পৰিয়ালৰ লোকসকলৰ উপস্থিতিত পালন কৰা হয় ।

স্বাধীনতা দিৱসৰ  সৈতে সংগতি ৰাখি লংকা উদালি ব্লকৰ অন্তৰ্গত লংকাজান হাইস্কুলৰ প্ৰঙ্গনত লংকাৰ উদালিৰ শ্বহীদ মনবৰ নাথৰ নাতি দেৱ নাথৰ উপস্থিতিত বিদ্যালয়খনৰ শিক্ষক, ছাত্র-ছাত্ৰী,উদালি পঞ্চায়ত বিষয়া স্থানীয় ৰাইজৰ সহযোগত বীৰ শ্বহীদ মনবৰ নাথৰ স্মৃতিত স্মৃতি ফলক উন্মোচন কৰা হয় । লগতে শপত গ্ৰহণ কৰি ৭৫ জোপা গছপুলি ৰোপণ কৰে ।

লগতে পঢ়ক:Home Ministers Medal of Excellence: অসম আৰক্ষীৰ চাৰিগৰাকী বিষয়ালৈ গৃহমন্ত্ৰীৰ উৎকৃষ্টতাৰ পদক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.