নগাঁও চহৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ড, ধ্বংস হ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 10:37 AM IST

thumbnail

নগাঁও, 4 ডিচেম্বৰ: নগাঁও চহৰৰ মাজমজিয়াত দেওবাৰৰ মাজনিশা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় । নগাঁৱৰ নতুন দলঙৰ সমীপত থকা ফাৰ্নিচাৰৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে বৃহৎ এটা এলেকা । 

অগ্নিকাণ্ডৰ ফলত 6 খনকৈ ফাৰ্নিচাৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত নিশাই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হয় জিলাখনৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া । 

ঘটনাস্থলীত উপস্থিত হোৱা 6 খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু সময়ৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: গুৱাহাটীৰ বেহাৰবাৰীত নিশা দাওদাওকৈ জ্বলি উঠিল চাৰিচকীয়া বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.