Fire broke out at Rangapara: ৰঙাপৰাত কাপোৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Nov 11, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হয় এক অগ্নিকাণ্ড (Massive fire breaks out in Rangapara) । ৰঙাপৰাৰ গোপীনাথ বৰদলৈ পথত থকা এটা কাপোৰৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড । অৱশ্যে ৰঙাপৰাত থকা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তৎক্ষণাত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিৱৰণী অনুসৰি দিনৰ প্ৰায় ২ মান বজাত জিতেন্দ্ৰ জয়চোৱালৰ কাপোৰৰ গুদামটোৰ সন্মুখতে লোহাৰ ফ্ৰেমত ওৱেলডিং কৰি আছিল । ওৱেলডিঙৰ ফিৰিঙতি পৰি গুদামৰ ভিতৰত থকা কাপোৰত অগ্নিৰ সূত্ৰপাত ঘটে বুলি জানিবলৈ দিয়ে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে (Fire breaks out at Rangapara cloth shop) । অগ্নিকাণ্ডত প্ৰায় ২ লাখ টকাৰ কাপোৰ নষ্ট হোৱা বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.