Nagaon Fire incident: নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড; কেইবালক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

By

Published : Aug 13, 2023, 9:39 PM IST

thumbnail

নগাঁও, 13 আগষ্ট: নগাঁৱৰ হয়বৰগাঁৱত দেওবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । নগাঁৱৰ আৰ আৰ বি ৰোডৰ আনন্দ কলনীৰ প্ৰন্তোষ দেৱনাথ নামৰ লোকজনৰ বাসগৃহৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ । লগে লগে হুৱাদুৱা লাগে ব্যস্ততাপূৰ্ণ সমগ্ৰ এলেকাত । স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত জুইত জাহ যায় প্ৰন্তোষ দেৱনাথৰ ঘৰৰ লক্ষাধিক টকাৰ মূল্যৰ সা-সামগ্ৰী । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই ৷

লগতে পঢ়ক: Fire Incident in Goalpara: গোৱালপাৰাত অগ্নিকাণ্ড; ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.