Durga Puja 2023: পূজাৰ বজাৰ: ফাঁচী বজাৰৰ ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙিছে

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 6:35 PM IST

thumbnail

গুৱাহাটী,১৭ অক্টোবৰ: শাৰদীয় দুর্গোৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ব্যাপক উৎসাহ-উদ্দীপনা বৃদ্ধি পাইছে । মহানগৰীৰ প্রান্তে প্রান্তে বিভিন্ন আকর্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে দোকান-বজাৰ, শ্বপিং মল আদিতো ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । নিজৰ পছন্দৰ কাপোৰ সাজ কিনিবলৈ গ্ৰাহকে কাপোৰৰ বজাৰত ভিৰ কৰিছে ।  

ব্যতিক্রম নহয় উত্তৰ-পূবৰ বাণিজ্যিক কেন্দ্র ফাঁচীবজাৰ । বিগত কেইবাদিনো ধৰি ফাঁচীবজাৰত ব্যাপক জনসমাগম হোৱাৰ সমান্তৰালভাৱে মঙলবাৰৰ দিনটোত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে । দিনৰ পৰা নিশা পর্যন্ত ফাঁচীবজাৰৰ প্ৰতিটো গলীত গ্ৰাহকৰ সমাগম হোৱাৰ সমান্তৰালভাৱে গ্রাহকক আকর্ষণ কৰিবলৈ বিভিন্ন পন্থা অবলম্বন কৰিছে বিক্রেতাসকলে । কাপোৰ-চেণ্ডেলকে ধৰি অন্যান্য সামগ্ৰীত বিভিন্ন ৰেহাই আৰোপ কৰাৰ লগতে ব্যৱসায়ীসকলৰ মুখতো শুনিবলৈ পোৱা গৈছে আকর্ষণীয় সংলাপ ।  

ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে জনোৱা অনুসৰি পূজাৰ বজাৰত পূৰ্বৰ তুলনাত বিক্ৰী বৃদ্ধি পাইছে । যোৱা বছৰৰ তুলনাত এইবাৰ ২৫% বিক্ৰী বৃদ্ধি পাইছে । অনলাইন বজাৰ, শ্বপিং মল হোৱাৰ পিছতো ফাঁচী বজাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰী বৃদ্ধি পোৱাক লৈ ব্যৱসায়ীসকলৰ মুখত হাঁহি বিৰিঙিছে ।

লগতে পঢ়ক: Youth sculptor Ankur Baruah : দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত 13 বছৰীয়া অংকুৰ বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.