Manas river Erosion:বঙাইগাঁৱৰ গোলাপাৰাত মানাহ নৈৰ ভয়াবহ ৰূপ

By

Published : Jul 4, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও,4 জুলাই: বঙাইগাঁৱৰ জিলাৰ গোলাপাৰা তৃতীয় খণ্ড গাঁৱত মানাহ নৈৰ ভয়াবহ ৰূপ ৷ মানাহ নদীয়ে টোপনি কাঢ়িছে ৰাইজৰ । অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ড গাঁৱত মানাহ নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ । মানাহ নৈৰ খহনীয়াৰ ফলত গোলাপাৰা-নাম্বাৰপাৰা সংযোগী মথাউৰি বিলীন হৈছে নৈৰ বুকুত । প্ৰায় 4-5 খন গাঁৱৰ ৰাইজৰ যাতায়ত কৰা একমাত্ৰ পথ আছিল মথাউৰিটো । মানাহ নৈৰ বুকুত পথটো বিলীন হোৱাত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰিছে ।

আনহাতে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ গৰাখহনীয়াৰ সন্দৰ্ভত ৰাইজে স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰক অৱগত কৰিছিল যদিও কোনো সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ জলসম্পদ মন্ত্ৰী আৰু স্থানীয় বিধায়কক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে ৷ 

লগতে পঢ়ক:Flood at Manikpur: কৃষি বান্ধে টোপনি কাঢ়িছে কৃষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.