Protest against Kacharipeti GP President:কাছাৰীপেটী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ বাকৰিত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jul 29, 2023, 10:32 PM IST

thumbnail

বঙাইগাঁও, 29 জুলাই : বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কাছাৰীপেটীত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে PMAY ৰ হিতাধিকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । অভিযোগ অনুসৰি পঞ্চায়ত সভাপতি মীৰ ইমৰান হুছেইনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত হিতাধিকাৰীৰ পৰা ১০ হাজাৰ কৈ টকা জোৰ জুলুমকৈ লয় যদিও হিতাধিকাৰীসকলে গৃহ লাভ কৰা নাই । মুঠ ৪২ জন হিতাধিকাৰীৰ পৰা গৃহ আৱন্টন দিয়াৰ নামত টকা লয় যদিও ইয়াৰ এজন হিতাধিকাৰীয়েও গৃহ আৱন্টন পোৱা নাই ৷

গৃহৰ নামত লোৱা টকা ঘূৰাই বিচাৰিলে বিভিন্ন ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে । MGNREGA, FISHERY আদি আঁচনিবোৰৰ সিংহভাগ টকা সভাপতিজনে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে । প্ৰতিবাদকাৰী সকলে দুৰ্নীতিগ্ৰস্ত সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উৰ্ধতম কৰ্তৃপক্ষক ।

লগতে পঢ়ক : CM in Bongaigaon: বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে বুজ ল'লে কেইবাটাও উন্নয়নমূলক প্ৰকল্প কামৰ অগ্ৰগতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.