Death by Drowning : মিছামাৰীৰ বান্দৰহাগী পথাৰ গাঁৱত পুখুৰীত পৰি মৃত্যু এজনৰ

By

Published : Aug 17, 2023, 5:56 PM IST

Updated : Aug 17, 2023, 6:35 PM IST

thumbnail

ৰঙাপৰা, 17 আগষ্ট : শোণিতপুৰ জিলাৰ মিছামাৰীৰ বান্দৰহাগী পথাৰ গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ পুখুৰীত পৰি সলিল সমাধি ঘটিল এজন ব্যক্তিৰ ৷ বিষ্ণুৰাম ভূমিজ নামৰ ৫২ বছৰীয়া  ব্যক্তিজনৰ পুখুৰীত পৰি মৃত্যু হয় ৷  

পত্নীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ পুখুৰীত জাঁপ দি প্ৰাণ হেৰুৱালে বিষ্ণুৰাম ভূমিজে ৷ জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ৮ মান‌ বজাত ঘৰুৱা কন্দলৰ বাবে তেখেতৰ পত্নী চুমি ভূমিজে পুখুৰীত জঁপিয়াই ৷ ইফালে পত্নীৰ প্ৰাণ ৰক্ষা কৰাৰ উদ্দেশ্যৰে বিষ্ণুৰাম ভূমিজেও পুখুৰীত জঁপিয়াই দিয়ে ৷ স্থানীয় লোকৰ তৎপৰতাত চুমি ভূমিজক পানীৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয় যদিও হঠাৎ সন্ধানহীন হৈ পৰে বিষ্ণুৰাম ভূমিজ ৷

বৃহস্পতিবাৰে তেজপুৰৰ পৰা অহা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দলে অভিযান চলাই পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিষ্ণুৰাম ভূমিজৰ মৃতদেহ ৷ বিষ্ণুৰাম ভূমিজৰ অকাল মৃত্যুত গাঁওখনত এতিয়া শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : Dead body recovered: 24 ঘন্টাৰ ভিতৰত গুৱাহাটীত উদ্ধাৰ চতুৰ্থটো মৃতদেহ

Last Updated : Aug 17, 2023, 6:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.