Road accident at Baihata : বাইহাটাৰ পথ দুৰ্ঘটনাত এজন নিহত

By

Published : Dec 18, 2022, 9:36 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বাইহাটাৰ কলাজলত অঘটন ৷ দেওবাৰে দিনৰ ভাগত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলাজলত যাত্ৰীবাহী টেম্পু আৰু এখন স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয় (Road accident at Baihata)৷ এই দুৰ্ঘটনাত ফলত এজন লোক নিহত হোৱাৰ লগতে শিশুসহ পাঁচজন লোক আহত হৈছে (Man died and five injured Baihata Road accident) ৷ আহতসকলক কমলপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন কৰি থকা হৈছে ৷ জানিব পৰা মতে, আহতসকলৰ ভিতৰত আছিল এগৰাকী গৰ্ভৱতী মহিলাও ৷ ইফালে লাভ কৰা নাই নিহত লোকজনৰ পৰিচয় ৷ নিহত লোকজনৰ বয়স ৫০ৰো উৰ্ধৰ হ’ব বুলি প্ৰত্যক্ষদৰ্শীয়ে অনুমান কৰিছে ৷ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত টেম্পু আৰু স্কুটীখনৰ নম্বৰ ক্ৰমে AS25 AC 4538 আৰু AS25S 8214 ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.