Burmese Supari seized: খটখটীত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰীসহ এজন আটক

By

Published : Mar 1, 2023, 11:22 AM IST

thumbnail

ডিফু,২৮ ফেব্ৰুৱাৰী: বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অভিযান অব্যাহত আছে । তাৰ সমান্তৰালকৈ বাৰ্মিজ চুপাৰীৰ সৰবৰাহ তথা বাৰ্মিজ চুপাৰীৰ ব্যৱসায়ৰ বিৰুদ্ধেও আৰক্ষীয়ে চলাই গৈছে নিৰন্তৰ অভিযান । আনহাতে অসাধু চক্ৰই আৰক্ষীৰ তীব্ৰ অভিযানৰ লগত ফেৰ মাৰি বিভিন্ন পন্থাৰে চলাই গৈছে নিষিদ্ধ বাৰ্মিজ চুপাৰীৰ অবৈধ ব্যৱসায় । আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই বিভিন্ন সময়ত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে ইটোৰ পাছত সিটোকৈ সৰবৰাহকাৰীক । ইমানৰ পাছতো অপৰাধী চক্ৰই আৰক্ষীৰ চকুত ধুলি দি ন ন পন্থা অৱলম্বন কৰি চলাই গৈছে বাৰ্মিজ চুপাৰীকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ । 

শেহতীয়াকৈ নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে পূৰ্বতকৈও অধিক সৰৱ হৈ কাৰ্বি আংলঙ জিলা আৰক্ষীয়ে দৈনিক চলাই গৈছে ইটোৰ পাছত সিটো অভিযান (Burmese Supari seized) । কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত সোমবাৰে নিশা ৪ হাজাৰ কিলোগ্ৰামৰো অধিক বাৰ্মিজ চুপাৰিসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়(Burmese supari seized in Khatkhati) । 

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত খটখটি আৰক্ষীৰ এটা দলে সোমবাৰে নিশা চলোৱা নিয়মীয়া তালাচীত ডিমাপুৰৰ পৰা বোকাজান অভিমুখে আহি থকা ডব্লিউ বি-২৩-ডি-৪১৫৯ নম্বৰৰ মালবাহী ট্ৰাকখনত তালাচী চলাই ৩০ টা বৃহৎ বস্তা আৰু ৪৩ টা সৰু আকাৰৰ কাৰ্টুনত ৪ হাজাৰ ২৩ কিলোগ্ৰাম বাৰ্মিজ চুপাৰিৰ লগতে ১৬ বস্তা বাৰ্মিজ পপী চিড জব্দ কৰিবলৈ সক্ষম হয়(Khatkhati Police seized Burmese supari) । 

জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকাৰো অধিক হোৱাৰ লগতে পপী চিডখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪ লাখ ৮০ হাজাৰ টকাৰো অধিক বুলি আৰক্ষী সূত্ৰে প্ৰকাশ । এই সন্দৰ্ভত আৰক্ষীয়ে বিহাৰৰ চাপৰা জিলাৰ উমেশ ৰায় নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে (Man arrested with illegal Burmese supari in Khatkhati) । উল্লেখ্য যে, ধৃত সৰবৰাহকাৰীটোৱে ৩১৮ বস্তা আদাৰ তলত চুপাৰী বস্তাসমূহ লুকুৱাই অনাৰ লগতে কাৰ্টুনসমূহত অনলাইন শ্বপিং কোম্পানী এমাজ'ন ই-কমাৰ্চৰ ফলক লগাই অতি কৌশলৰে এই বৃহৎ পৰিমাণৰ বাৰ্মিজ সামগ্ৰীসমূহ সৰবৰাহৰ চেষ্টা চলাইছিল ।

লগতে পঢ়ক: Udalguri Encounter Case: ওদালগুৰিৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.