Majuli ferry Services suspended: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:13 AM IST

thumbnail

মাজুলী, 27 আগষ্ট : বিগত কেইবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কমলাবাৰী-নিমাতী, আফলামুখ-নিমাতীৰ ফেৰী ৰখোৱা ৰেম্পসমূহ ৷ ফলত আজিৰ পৰা অৰ্থাৎ দেওবাৰৰ পৰা অনিদিষ্ট কাললৈ মাজুলী-নিমাতীৰ ফেৰী সেৱা বন্ধ কৰা হৈছে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এজন লোকে ।

আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকজনে উল্লেখ কৰা অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস নোপোৱালৈকে লগতে ৰেম্পসমূহ পূৰ্বৰ দৰে সুচল নোহোৱালৈকে বন্ধ হৈ থাকিব মাজুলী-নিমাতীৰ এই ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগেই বন্ধ হৈ পৰে মাজুলী-নিমাতীৰ ফেৰী সেৱা ৷ ফলত গৃহবন্দী হৈ পৰিছে এতিয়া মাজুলীৰ বহু জনতা ৷ কিয়নো মাজুলীৰ সাধাৰণ ৰাইজৰ দক্ষিণ পাৰৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল এই ফেৰী সেৱা ।

লগতে পঢ়ক : Majuli ferry Services: অনিৰ্দিষ্টত কাললৈ বন্ধ মাজুলী-নিমাটি ফেৰী সেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.