Durga puja 2023: মহা অষ্টমীৰ দিনা মা কল্যাণী দেৱালয়ত ভক্তৰ লানি নিছিগা ভিৰ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 9:53 AM IST

thumbnail

বিশ্বনাথ, 23 অক্টোবৰ: দেওবাৰে মহা অষ্টমী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাৰ অন্যতম শক্তিপীঠ গহপুৰ মহকুমা মা কল্যাণী দেৱালয়ত ভক্তৰ অগণন ভিৰ পৰিলক্ষিত হয় । পুৱাৰ পৰাই দূৰ দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰে মা কল্যাণী দেৱালয়ত ৷ উল্লেখ্য যে, ঐতিহাসিক মা কল্যাণী দেৱালয়ত আন বছৰৰ দৰে এই বছৰো দুৰ্গা পূজাৰ আয়োজন কৰাৰ লগতে প্ৰতি বছৰৰ দৰে এইবাৰো ম’হ, ছাগলী, হাঁহ আদি বলি দিয়া হয় । 

দেৱালয়খনত দেওবাৰে মহা অষ্টমী উপলক্ষে 4 টা ম'হ, 300 ৰো অধিক ছাগলী, 250 ৰো অধিক হাঁহ বলি দিয়া হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে । ইফালে দেৱালয়খনত উপস্থিত প্ৰতিজন ভক্তই যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে উদযাপন সমিতিয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক : Durga puja 2023: ৰঙিয়াত সাংসদ দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.