মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান

By

Published : Sep 15, 2022, 3:52 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (Sri Sri Madhavdeva Tithi)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (Sankardeva) প্ৰিয় শিষ্য তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই সমগ্ৰ অসমৰ সত্ৰ, নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে (Madhavdeva death anniversary) । শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আজি পুৱা ‘তাল কোবোৱা’ প্রসংগৰ পিছতে ভকত-বৈষ্ণৱ, যুৱক-যুৱতী, আইমাতৃৰ ঊষা কীৰ্তনেৰে মুখৰিত হয় বটদ্রৱাৰ চৌদিশ (Madhavdeva tithi at Batadrawa Than) । তাৰ পিছতে প্রসংগীয় নাম, দুপৰীয়া কীৰ্তনৰ শেহত ৰাজ্যখনৰ ভিন্ন প্রান্তৰ পৰা অহা হেজাৰ হেজাৰ ভক্তপ্রাণ ৰাইজে আশীৰ্বাদ গ্রহণ কৰে । মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰে পৰা দ্বিতীয় বৈকুণ্ঠ বটদ্রৱালৈ বিভিন্ন স্থানৰ পৰা বহুসংখ্যক যাত্রীৰ আগমন ঘটি দুপৰীয়াভাগলৈ বটদ্রৱাৰ চৌপাশ লোকে লোকাৰণ্য হৈ পৰে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.