Durga Idol Immersion: দুপৰ নিশা পৰ্যন্ত যোৰহাটৰ পুজাডুবি ঘাটত মা প্ৰতিমা বিৰ্সজন

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 12:08 PM IST

thumbnail

যোৰহাট, 25 অক্টোবৰ : বিদায় মা... পূজা মণ্ডপত ম্লান পৰিল ঢাক ঢোল শব্দ আৰু পুৰোহিতৰ মন্ত্ৰোচাৰণ । মঙলবাৰৰ দিনটোত পূজা মণ্ডপসমূহৰ আয়োজক সমিতিয়ে মাৰ প্ৰতিমাক বিসৰ্জন দিবলৈ দুপৰ নিশা পৰ্যন্ত যোৰহাটৰ পূজাডুবি ঘাটলৈ অগ্ৰসৰ হৈছে । বৈদিক নীতি-নিয়ম আৰু ধৰ্মীয় পৰম্পৰাৰ সকলো ৰীতি-নীতি মানি চলি শাৰী শাৰীকৈ ভোগদৈ পূজাডুবি ঘাটত বিৰ্সজন দিয়া হৈছে। 

এইবাৰ চৰকাৰী তথ্যমতে যোৰহাটত 90 খন পূজা আয়োজন কৰা হৈছিল আৰু লগতে ব্যক্তিগত ভাৱেও পূজা অনুষ্ঠিত কৰিছিল । মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন পৰ্বত সাক্ষী হ'বলৈ দুপৰ নিশা পৰ্যন্ত সহস্ৰাধিক লোকে ঘাটত ভিৰ কৰে ৷ ইফালে বিসৰ্জনস্থলীত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সষ্টম হৈছে আৰক্ষী তথা জিলা প্ৰশাসনৰ লোক ।

সকলোৱে আনন্দ উল্লাসৰ মাজেৰে ৰাজপথত গীতৰ তালে তালে বিসৰ্জনস্থলীলৈ আহি বিসৰ্জনস্থলীলৈ আহি পৃথকে পৃথকে প্ৰতিমা বিসৰ্জন দিয়ে ৷

লগতে পঢ়ক: Durga Idol Immersion Biswanath : বিশ্বনাথত ব্যাপক আনন্দ-উল্লাসৰ মাজেৰে দেৱীৰ প্ৰতিমা বিসৰ্জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.