বিজেপিয়ে বিৰোধী ঐক্যৰ মাজত এজেন্ট ভৰাই ভাঙোন আনিবলৈ চেষ্টা কৰিছে : লুৰীণজ্যোতি গগৈ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:35 PM IST

thumbnail

ডিব্ৰুগড়, 30 নৱেম্বৰ : ৰাজ্যত অধিক শক্তিশালী স্থিতিত থকা শাসক দল বিজেপিক পৰাভূত কৰিবলৈ ৰাজ্যৰ 15 টাকৈ ৰাজনৈতিক দলে গঠন কৰা বিৰোধী ঐক্যই সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে সাংগঠনিক কামকাজ । বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ বাবে গঠন হোৱা বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পাচতে আজি অৰ্থাৎ বৃহস্পতিবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছে গুৰুত্বপূৰ্ণ বৈঠক । বিৰোধী ঐক্য মঞ্চৰ সম্পাদকৰ দায়িত্ব থকা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই বৈঠক সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷

গগৈয়ে কয়, ‘‘বিৰোধী ঐক্য মঞ্চৰ পৰা কোনে ক’ত প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই কথা আলোচনাত চলি আছে । খুব কম সময়তে সেই কথা অসমৰ ৰাইজে গম পাব’’ । বিৰোধী দলসমূহৰ মাজত কেনেকৈ বুজাবুজি বৃদ্ধি কৰি ৰণ কৌশল তৈয়াৰ কৰিব পাৰি সেই বিষয়ে আলোচনা চলি থকা বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে । লগতে ডিব্ৰুগড় লোকসভা সমষ্টিত তেওঁ নিজেই প্ৰাৰ্থীত্ব আগবঢ়াব বুলি চলি থকা বিষয় সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷

তেওঁ কয়, ‘‘এই বিষয়ত দলত আলোচনা হ'ব । দলে সন্মতি দিলে বিৰোধী ঐক্য মঞ্চত আলোচনা হোৱাৰ পাচতহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ ’’ আনহাতে, বিজেপিয়ে বিৰোধী ঐক্যৰ মাজত এজেন্ট ভৰাই ভাঙোন আনিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, বিৰোধী ঐক্যক লৈ প্ৰচণ্ড ভয় খাইছে বিজেপিয়ে ।

লগতে পঢ়ক : ডিব্ৰুগড়ত ৰাজ্যৰ 15 বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক, লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.