শান্তিচুক্তি কাৰ লগত হ’ব এতিয়াও স্পষ্ট হোৱা নাই: দেৱব্ৰত শইকীয়া

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 9:40 PM IST

thumbnail

গুৱাহাটী, ২৭ ডিচেম্বৰ: আলোচনাপন্থী আলফাৰে ২৯ ডিচেম্বৰত হ'বলগীয়া শান্তিচুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । তেওঁ কয় যে আলফাৰ সমস্যাটো অসমৰ দীৰ্ঘদিনীয়া সমস্যা । কংগ্ৰেছৰ দিনত এই সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে চেষ্টা কৰা হৈছিল । সেই চেষ্টা কৰা বাবেই এটা সময়ত ছালফাৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত সংযুক্ত মুক্তি বাহিনীৰ সকলো সদস্য একত্রিত হৈ এটা পন্থাৰে নোযোৱা বাবেই আলফা বহুধা বিভক্ত হৈ গ'ল । এতিয়া চৰকাৰে শান্তিচুক্তি কৰিব বুলি জানিব পৰা গৈছে যদিও কাৰ লগত হ'ব সেয়া স্পষ্ট হোৱা নাই । 

তেওঁ লগতে কয় যে বাহিৰত এতিয়াও এটা গোট আছে, যিটোৱে এতিয়াও স্বাধীন অসম বিচাৰি আছে । তেওঁলোকৰ লগত প্ৰাৰম্ভিক আলোচনা হ'ব নে আলোচনাপন্থী আলফাৰ লগত আধৰুৱা হৈ থকা আলোচনাৰ প্ৰসংগত চুক্তি হ'ব সেয়া চৰকাৰে এতিয়াও স্পষ্ট কৰা নাই । সকলোকে লৈ চুক্তি কৰিলে ভাল হ'ব বুলি তেওঁ সদৰী কৰে ।

তেওঁ লগতে কয় যে বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এটা সময়ত আলফাৰে সংযুক্ত আছিল বুলিও বহুতে কয় । সেয়া যিয়েই হওক অসমৰ স্বাৰ্থত ভাল হ'ব লাগে বুলি তেওঁ মত ব্যক্ত কৰে । 

লগতে পঢ়ক: দিল্লীলৈ ৰাওনা হ’ল আলোচনাপন্থী আলফাৰ 16 জনীয়া দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.