Bishwakarma idols Immersion: পদপথত পেলাই থোৱা বিশ্বকৰ্মাৰ ৩০০ প্ৰতিমা বিষৰ্জন লায়ন্স ক্লাবৰ

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:20 AM IST

thumbnail

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীখন চাফ চিকুন তথা পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই বিভিন্ন তৎপৰতা গ্ৰহণ কৰি আহিছে যদিও সেয়া যথেষ্ঠ নহয় । বিশ্বকৰ্মা পূজা শেষ হোৱাৰ পিছতেই একাংশই মহানগৰীৰ পদপথত দৃষ্টিকটুভাৱে বিশ্বকৰ্মাৰ প্ৰতিমা সমূহ পেলাই আৱৰ্জনাৰ সৃষ্টি কৰি আহিছে । গুৱাহাটীৰ বিভিন্ন স্থানত তথা পদপথত যধে মধে পেলাই থোৱা বিশ্বকৰ্মাৰ প্ৰতিমা সমূহ বিধিগত নিয়ম অনুযায়ী ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী লায়ন্স ক্লাবে । ইয়াৰ অংশ হিচাপে মঙলবাৰে নাৰেংগী পোদ্দাৰ কমপ্লেক্সৰ পৰা কেইবাখনো ট্ৰাকত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা প্ৰায় ৩০০ প্ৰতিমা পানিখাইটিত ব্ৰহ্মপুত্ৰত বিসৰ্জনৰ ব্যৱস্থা কৰে ।

আনহাতে একেটা অনুষ্ঠানতেই লায়ন্স চেৰিটেবল ডিচপেনচাৰী আৰু লায়ন্স মেদিবেংক নামেৰে দাতব্য স্বাস্থ্যসেৱা কেন্দ্ৰ মুকলি কৰা হয় । গণেশ চতুৰ্থীৰ দিনা গুৱাহাটীৰ লায়ন্স ক্লাবে এইচএলপোদ্দাৰ পৰিয়ালৰ সহযোগত নাৰেংগী পোদ্দাৰ কমপ্লেক্স মুকলি কৰা এই চিকিৎসা কেন্দ্ৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ যোগান ধৰিব ।

উক্ত মুকলি অনুষ্ঠানত ডাঃ সৰস্বতী কৌশিক, গুৱাহাটী লয়ন্স ক্লাবৰ অধ্যক্ষ অজয় ​​পোদ্দাৰ, প্ৰকল্প সমন্বয়ক দীনদয়াল চৌহান, ৰবি খাদৰীয়া, কনকলতা পোদ্দাৰ, পৱন মৌৰে, প্ৰাক্তন ডিষ্ট্ৰিক গবৰ্ণৰ ডিপিবাজাজ, এম এল আগৰৱাল, এম পি আগৰৱাল, এছ এছ হৰলালকা আৰু ভিডিজি-২ পংকজ পোদ্দাৰ আদি উপস্থিত থাকে ।

লগতে পঢ়ক: International Snake Bite Awareness Day: আন্তৰাষ্ট্ৰীয় সৰ্প দংশন সজাগতা দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.