Leopard trapped in Dibrugarh : বকুল চাহ বাগিচাৰ চাউলখোৱাত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

By

Published : Dec 16, 2022, 10:45 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

শুকুৰবাৰে পুৱাই ডিব্ৰুগড়ৰ বকুল চাহ বাগিচাৰ চাউলখোৱাত পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী (Leopard trapped at Bakul tea estate in Dibrugarh) । দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজৰ বহু সংখ্যক পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি অঞ্চলটোত এক ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে (Leopard terror in Dibrugarh)। অৱশেষত বন বিভাগৰ সহযোগত পিঞ্জৰাবদ্ধ হয় বাঘটো (Leopard trapped in Dibrugarh) । এই বাঘ চাবলৈ বকুল চাহ বাগিচাত (Bakul tea estate) উপস্থিত হয় অঞ্চলটোৰ বহু ৰাইজ । ইফালে পিঞ্জৰাবদ্ধ কৰাৰ পিচতেই বাঘটোক বন বিভাগে ডিগবৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় অভয়াৰণ্যত মুকলি কৰিব বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.