3 ডিচেম্বৰৰ পৰা জোনাই বিধানসভা সমষ্টি ভিত্তিত খেল মহাৰণ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 10:08 PM IST

thumbnail

জোনাই, 2 ডিচেম্বৰ : দেওবাৰ অৰ্থাৎ 3 ডিচেম্বৰৰ পৰা চিমেন চাপৰিত আৰম্ভ হ’ব জোনাই বিধানসভা সমষ্টি ভিত্তিত খেল মহাৰণ ৷ দেওবাৰৰ পৰা 10 ডিচেম্বৰলৈ চিমেন চাপৰিত জোনাই বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হ’ব এই খেল মহাৰণ ৷ অঞ্চলটোৰ কেইবাখনো খেলপথাৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ বিভিন্ন খেল ৷

চিমেন চাপৰি মিনি ষ্টেডিয়াম, সতীশ বসুমতাৰী বড়ো হাইস্কুল, চিমেন চাপৰি মহাবিদ্যালয় খেলপথাৰত 10 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগা এই খেল মহাৰণত জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 32 খন গাওঁ পঞ্চায়ত আৰু চিলাপথাৰ নগৰ সমিতিৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ৷ উদ্বোধনী অনুষ্ঠানত স্থানীয় সাংসদ, বিধায়ক, জিলা আয়ুক্ত, মহকুমাধিপতি, ধেমাজি জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া, বিশিষ্ট সমাজকৰ্মীৰ লগতে  উপস্থিত থাকিব অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : তিনিচুকীয়াত টেঙাজাতীয় শস্যৰ জৈৱ বৈচিত্র মেলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.