Karbi Anglong congress Press meet: বিজেপিৰ বিৰুদ্ধে সৰৱ কাৰ্বি আংলং কংগ্ৰেছ

By

Published : Apr 1, 2023, 10:04 AM IST

Updated : Apr 1, 2023, 1:16 PM IST

thumbnail

ডিফু, 1 এপ্ৰিল: কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সমগ্ৰ ৰাজ্যৰ লগতে জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কাৰবি আংলং জিলা কংগ্ৰেছেও শুকুৰবাৰে এই সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেলৰ (Karbi Anglong congress Press meet)৷  

জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাং, প্ৰাক্তন বিধায়িকা তথা কাৰবি আংলং জিলাৰ কংগ্ৰেছ দলৰ তত্বাবধায়ক ৰ’জলীনা টিৰ্কী, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গোপাল চন্দ্ৰ শৰ্মাই সংবাদ মেল সম্বোধন কৰে (Congress Reaction on Rahul Gandhi Disqualification) ৷  

সংবাদ মেলত কংগ্ৰেছ নেতা সকলে আদানীৰ কোম্পানীত বিনিয়োগ কৰা ২০ হাজাৰ কোটি টকাৰ উৎস দেশৰ জনতাক জনাবলৈ বিজেপিক দাবী জনায় ৷ গণতন্ত্ৰক বিজেপি চৰকাৰে হত্যা কৰা বুলি অভিযোগ কৰি মুখপত্ৰ শৰ্মাই কয় যে, গণতন্ত্ৰক ৰক্ষা কৰিবলৈ সকলো বিৰোধী দল একগোট হ’বই লাগিব (Karbi Anglong congress on Rahul Gandhi Issue)৷

দেশত আজি গণতন্ত্ৰক হত্যা কৰা হৈছে বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়িকা ৰ’জলীনা টিৰ্কীয়ে ৷ বৰ্তমান সমগ্ৰ দেশত বিজেপি চৰকাৰে অৰাজকতাৰ সৃষ্টি কৰা বুলিও তেওঁ অভিযোগ কৰে (Rahul Gandhi Disqualification)।  

সংবাদ মেলত কাৰবি আংলং জিলা কংগ্ৰেছৰ উপ-সভাপতি বিদ্যাছিং ৰংপি , অশোক টেৰণ , ৰতন ইংতি , সম্পাদক অনিল বৰা , সুৰেণ ছিংনাৰ আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী পূৰ্ণিমা টেৰণপীও উপস্থিত থাকে ৷ 

Last Updated : Apr 1, 2023, 1:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.