KAAC Polling : বিজয়ৰ দৃঢ় বিশ্বাসেৰে ভোটদান বিদ্যাছিং ইংলেঙৰ

By

Published : Jun 8, 2022, 12:19 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

আজি অনুষ্ঠিত হৈছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ (KAAC election 2022 polling)৷ ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে ভোটদান সাব্যস্ত কৰে (vote casts by Bidya Sing Engleng ) ৷ ভোটদানৰ পিছতেই সংবাদমাধ্যমক সাক্ষাৎ কৰি বিধায়কগৰাকীয়ে কয় - "বিজেপি 26 টা আসনতেই জয়ী হ'ব ৷ ৰাইজৰ সমৰ্থন আৰু বিশ্বাসৰ বাবেই বিজেপিৰ জয় হ'ব ৷" যদিওবা কৰবাত কংগ্ৰেছ আৰু এপি এইছ এলি চি প্ৰতিদ্বন্ধী হয় তথাপি কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ ইয়াৰ লগতে বিজেপিৰ কাৰ্যকালত জিলাখনত উন্নয়নৰ বতাহৰ বাবে ৰাইজে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে আৰু এইবাৰৰ নিৰ্বাচনত ৮০ শতাংশ ভোটদান হব বুলি আশা কৰিছে বিধায়ক গৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.