শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় ষষ্ঠদশ দ্বি-বাৰ্ষিক প্ৰাদেশিক জোনাই অধিৱেশন আৰম্ভ

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 5:55 PM IST

thumbnail

জোনাই, ১৯ জানুৱাৰী: ধেমাজি জিলাৰ জোনাইত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় ষষ্ঠদশ দ্বি-বাৰ্ষিক প্ৰাদেশিক জোনাই অধিৱেশন । জিলাখনৰ ৰতকে জয়মাগুৰিস্থিত টংকেশ্বৰ লালুং ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় ষষ্ঠদশ দ্বি-বাৰ্ষিক প্ৰাদেশিক জোনাই অধিৱেশন । 

আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত অসমৰ পাঁচখন জিলাৰ বহু ভকত বৈষ্ণৱ, আই মাতৃৰ উপস্থিতিত পুৱাই বন্তি প্ৰজ্বলন, মূল তোৰণ, চিকিৎসা শিবিৰ, দ্বাৰ মঞ্চ, সেৱা শিবিৰ, বাণিজ্য মেলা, সাহিত্য মঞ্চ আদি উন্মোচন কাৰ্যসূচী মুকলি কৰে বিশিষ্ট ব্য়ক্তিসকলে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ষষ্ঠদশ দ্বি-বাৰ্ষিক প্ৰাদেশিক জোনাই অধিৱেশনত অসমৰ পাঁচখন জিলাৰ পৰা প্ৰায় দুই হাজাৰ ভকত বৈষ্ণৱ তথা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰিছে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক:ৰাজনৈতিক দলে কুচ কাৱাজ কৰেই, অসমত আমি চিন্তা কৰিব লাগিব বুলি নাভাবো : কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.