Joint meeting of BJP AGP spokesperson: বিজেপি-মিত্ৰজোঁটৰ প্ৰচাৰ মাধ্যমত জড়িত সমষ্টি, জিলা আৰু কেন্দ্ৰীয় পৰ্যায়ৰ সদস্যক লৈ গুৱাহাটীত কৰ্মশালা

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:15 PM IST

thumbnail

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰদলে প্ৰস্তুতি চলাইছে । আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত বুধবাৰে অসম গণ পৰিষদ আৰু বিজেপি দলৰ মুখপাত্ৰসকলৰ এখন যৌথ সভা অনুষ্ঠিত হয় । দুঘণ্টা ধৰি হোৱা আলোচনাৰ পিচত সংবাদমেল সম্বোধন কৰি অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া আৰু বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই ৭ ছেপ্টেম্বৰত বিজেপি কাৰ্যালয়ত প্ৰথমখন সভা অনুষ্ঠিত হোৱাৰ পিচত আজি দ্বিতীয়খন যৌথ সভা অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ 

নেতাদ্বয়ে জানিবলৈ দিয়া মতে সভাত পূৰ্বৰ সভাত লোৱা সিদ্ধান্ত ৰূপায়নৰ অগ্ৰগতি আৰু ভৱিষ্যতে দুয়োটা দলে একেলগে কৰিবলগীয়া বিষয় সম্পৰ্কে আলোচনা কৰে । পৰৱৰ্তী সভাখন ইউ পিপিএলৰ উপস্থিতিত কৰাৰ সিদ্ধান্ত লোৱা হয় । বিজেপি, অগপ, ইউ পি পি এল তিনিটা দলেৰ প্ৰচাৰ মাধ্যমৰ লগত জড়িত সমষ্টি, জিলা আৰু কেন্দ্ৰীয় পৰ্যায়ৰ সদস্যসকলক লৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে মনোজ শইকীয়া আৰু মনোজ বৰুৱাই ।

সন্মিলিতভাৱে কাম কৰা আগ্ৰহৰ বাবে এইদৰে মিলিত হোৱাৰ কথাও সদৰী কৰে তেওঁলোকে । লগতে জনসাধাৰণৰ কথাখিনিও নেতৃত্বৰ ওচৰত দাঙি ধৰি ইতিবাচক দিশত আগুৱাই লৈ যোৱাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰে দুয়োগৰাকী নেতাই । সামাজিক মাধ্যমতো যৌথভাৱে কাম কৰাৰ কথা ব্যক্ত কৰে মনোজ শইকীয়া আৰু মনোজ বৰুৱাই ।

লগতে পঢ়ক: Ayushman Bhav Campaign: গুৱাহাটীত আয়ুস্মান ভৱ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.