Jiadhal embakment in Dhemaji:সাংবাদিকৰ প্ৰশ্নত খং উঠিল মন্ত্ৰী পীযুষৰ

By

Published : Jul 7, 2023, 9:02 PM IST

thumbnail

ধেমাজি,7 জুলাই: ধেমাজিত উপস্থিত হ’ল মন্ত্ৰী পীযুষ হাজৰীকা ৷ ধেমাজিৰ ৰে’ল আলিৰ সমীপত নিৰ্মাণ হ’ব লগীয়া শ্লুইচ গেট পৰিদৰ্শন কৰি বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ ধেমাজিৰ জীয়াঢলৰ সোঁ-পাৰৰ মথাউৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱা ৰে’ল আলিৰ সমীপত নিৰ্মাণ হৈ আছে এই শ্লুইচ গেট ৷ 

শেহতীয়াকৈ ধেমাজিত জীয়াঢলৰ কাংকু সুঁতিয়ে ভজু গাৱঁত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে পানী বাগৰি অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে ৷ লগতে নৱনিৰ্মীত মথাউৰিত ৰেইন কাটৰ সম্পৰ্কত প্ৰশ্ন সোধাত খং উঠিল মন্ত্ৰী গৰাকীৰ ৷ ৰেইন কাট হৈছে বুলি কলে বেয়া পাওঁ বুলি খঙত টিঙিৰি তুলা হৈ পৰে মন্ত্ৰীগৰাকী ৷

‘‘মথাউৰিত ৰেইন কাট হৈছে বুলি কলে বেয়া পাওঁ ৷  প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব পৰা মোৰ হাতত নাই ৷ য’ত বৰষুণৰ ফলত মাটি খহিছে তেনে স্থানত তৎতপৰতাৰে মেৰামতি কৰা হৈছে ৷ এই বাৰ ধেমাজিত বান হৈছে বুলি বাতৰি লিখিব পাৰিছে নেকি ! আগতে বাতৰি লিখি ভাগৰি গৈছিলে ৷ তথাপিও ব্যৱস্থা গ্ৰহণ কৰিছিলে নেকি !’’ বুলি সাংবাদিকক প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে ৷  

লগতে পঢ়ক:Flood in Jonai: বানৰ কবলত জোনাইৰ জামুগুৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.