Hemkosh braille:উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত জয়ন্ত বৰুৱাক সম্বৰ্ধনা

By

Published : Jul 25, 2023, 8:35 PM IST

thumbnail

লখিমপুৰ, ২৫ জুলাই : হেমকোষৰ ব্ৰেইল সংষ্কৰণক বিশ্ব ৰেকৰ্ডত স্থান লাভ কৰোৱাবলৈ সক্ষম হোৱা তথা ব্ৰেইল সংস্কৰণৰ ব্যৱস্থাপক, বিশিষ্ট সমাজসেৱক, ব্যৱসায়ী জয়ন্ত বৰুৱাক মঙলবাৰে নৰ্থ লখিমপুৰ কলেজত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ মঙলবাৰে বিয়লি ১ বজাৰ পৰা নৰ্থ লখিমপুৰ কলেজৰ স্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাৰ আদৰণি ভাষণ ৰাখে নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াই ৷ অসমীয়া অভিধান প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ত্যাগ আৰু আদৰ্শৰ ওপৰত বহল ব্যাখ্যা কৰে নৰ্থ লখিমপুৰ কলেজৰ অধ্যাপক ড৹ অৰবিন্দ ৰাজখোৱাই ৷

জ্যেষ্ঠ সাংবাদিক শোণিত কুমাৰ ভূঞাই হেমকোষৰ ব্ৰেইল সংস্কৰণে বিশ্ব দৰবাত প্ৰতিপন্ন হোৱাৰ ক্ষেত্ৰত জয়ন্ত বৰুৱাৰ ত্যাগ আৰু দায়বদ্ধতাৰ ওপৰত ব্যাখ্যা কৰে ৷ জয়ন্ত বৰুৱাই ব্ৰেইল সংস্কৰণ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ, ত্যাগ আৰু কষ্টৰ ওপৰত বহল ব্যাখ্যা কৰি দৃষ্টিহীন সকলৰ একমাত্ৰ উন্নয়ন সধাৰ লক্ষ্য বুলি উল্লেখ কৰে ৷ অজিত বুঢ়াগোঁহাই আৰু বুবুল হাজৰিকাই আঁত ধৰা অনুষ্ঠানত লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলাৰ প্ৰায় ৮০ টা দল সংগঠনে জয়ন্ত বৰুৱাক গামোচা, চেলেং, সফুঁৰা, শৰাই, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক : Harassment of students in Lakhimpur: NHCৰ অভিযুক্ত প্ৰৱক্তাৰ পক্ষত থিয় দিলে প্ৰাক্তন শিক্ষাৰ্থী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.