ৰাজস্থানত প্ৰচুৰ বহুমতত বিজেপিৰ বিজয় হ’ব- মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 1:04 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ : "ৰাজস্থানত যাদুকৰৰ যাদু শেষ হৈছে ৷ এতিয়া ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰা হ'ব। আপোনালোকে চাই থাকক ৷ মই ইতিমধ্যে কৈছো যে বিজেপিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যখনত চৰকাৰ গঠন কৰিব । এইটো এতিয়া স্পষ্ট হৈ পৰিছে । বিজেপিয়ে মধ্য প্ৰদেশতো চৰকাৰ গঠন কৰিব ৷ কেৱল ৰাজস্থানতেই নহয় বিজেপিয়ে ছত্তীশগড়, মধ্য প্ৰদেশটো বিজেপিয়ে প্ৰচণ্ড বহুমতত জয়লাভ কৰিব ৷" কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে ৰাজস্থানত বিজেপিৰ বিজয়ত আনন্দ প্ৰকাশ কৰি এই মন্তব্য প্ৰকাশ কৰে ৷ 

লগতে শ্বেখাৱতে মধ্য প্ৰদেশৰ লগতে দুই ৰাজ্যত বিজেপিৰ অগ্ৰগতিত আনন্দ প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ তথ্য অনুসৰি, ৰাজস্থানত বিজেপিয়ে 113 খন আসনত, কংগ্ৰেছ 70 খন আসনত আগবাঢ়ি আছে। 

লগতে পঢ়ক: ছত্তীশগড়ত গাদীচ্যুত কংগ্ৰেছ ! বিজেপিৰ অগ্ৰগতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.