Independence day 2023: জোনাইত স্বাধীনতা দিৱস উদযাপন

By

Published : Aug 15, 2023, 5:11 PM IST

thumbnail

জোনাই,১৫ আগষ্ট: দেশৰ অন্যান্য প্ৰান্তৰ লগতে জোনাই মহকুমাতো ৭৭ সংখ্যক স্বাধীনতা দিৱস জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত ভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৷ জোনাই গান্ধী ময়দানত অনুষ্ঠিত স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি শান্তনু গগৈয়ে । পতাকা উত্তোলনৰ পাছতেই বীৰ শ্বহীদসকলক স্মৰণ কৰে মহকুমাধিপতিগৰাকীয়ে ।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ওপৰত মহকুমাধিপতিয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায় । মহকুমাটোৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনী দলৰ কুচ-কাৱাজ প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শনেৰে জীপাল হৈ পৰে গান্ধী ময়দান ৷ অনুষ্ঠানটিত উপস্থিত থাকে মহকুমাটোৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন দল সংগঠন নেতা কৰ্মী । 

লগতে পঢ়ক: APCC Bhupen Borah: অসমত কেৱল এটা পৰিয়ালৰ সম্পত্তি দৈনিক বাঢ়ি যাব ধৰিছে; ভূপেন বৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.