Drugs Paddler Arrested: তেজপুৰত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী দম্পতী

By

Published : May 9, 2023, 10:40 PM IST

thumbnail

তেজপুৰ, 9 মে': তেজপুৰত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী (Husband wife arrested for peddling drugs in Tezpur) ৷ আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী পতি-পত্নীক ৷ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে কৰায়ত্ত তেজপুৰ চানমাৰীৰ ওমৰ ৰায় আৰু ব'মডিলাৰ সঞ্জনী নামৰ পতি-পত্নীক (Drugs Paddler Arrested in Tezpur) ৷  

এক গোপন খবৰৰ ভিত্তিত মহাভৈৰৱ আৰক্ষীয়ে ভিতৰ পৰোৱাৰ পৰা অনুসৰণ কৰিছিল পতি-পত্নীহালৰ গাড়ী ৷ কিন্ত আৰক্ষীয়ে গাড়ীখন ৰাখাবলৈ সংকেত দিয়াৰ পিছত গাড়ীখন পুনৰ কলীয়া ভোমোৰা দলঙৰ ফালে ধাৱমান হয় (Couple arrested for drug trafficking in Tezpur) ৷ আৰক্ষীৰ বেহুঁ ফালি পলায়ন কৰা বাহনখন খেদি-খেদি ৰাইজৰ সহযোগত তেজপুৰ চহৰৰ বি কে মেম’ৰিয়েল চিকিৎসালয়ৰ সমীপত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ জব্দকৃত বাহনখনৰ পৰা উদ্ধাৰ কৰা হয় দুটা ড্ৰাগছভৰ্তি কন্টেইনাৰ (Drugs Paddler Arrested) ৷  

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ জব্দকৃত বাহন খনৰ নম্বৰ হৈছে AS 05 L 5849 ৷ উল্লেখযোগ্য যে, শোণিতপুৰ আৰক্ষীয়ে বিগত সময়চোৱাত জিলাখনৰ বিভিন্ন স্থানৰ পৰা মাৰাত্মক ড্ৰাগছ ,ভাং জব্দ কৰিবলৈ সক্ষম হৈছে (Husband Wife Peddling Drugs in Tezpur) ৷ 

লগতে পঢ়ক: IPL Gambler Arrested: খাৰুপেটীয়াত IPL জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান‌, আটক তিনি জুৱাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.