Cannabis seized in Hojai : হোজাইত লক্ষাধিক টকাৰ গাঞ্জা জব্দ

By

Published : Jun 4, 2022, 6:14 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। প্ৰায় প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ী । তেনে এক অভিযানৰ মাজতে হোজাইত জব্দ প্ৰায় ৫০ কিঃগ্ৰাঃ গাঞ্জা (About 50 kg of cannabis seized in Hojai)। AS-25-C-8087 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি । গাঞ্জাখিনিৰ মূল্য ১ লাখৰো অধিক হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে । আৰক্ষী সূত্ৰই জনোৱা মতে গোপন খবৰৰ ভিত্তিত হোজাই জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰাণজিৎ দুৱৰাৰ নেতৃত্বত বৰবস্তি অঞ্চলত অভিযান চলিছিল । সেই অভিযানত চাৰিচকীয়া বাহনখনৰ পৰা আৰক্ষী গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় (Hojai police seized cannabis)। ইফালে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । জানিব পৰা মতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.