বৰপেটাৰোডৰ ৰাজপথত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:26 PM IST

thumbnail

বৰপেটাৰোড,১৯ ডিচেম্বৰ: বৰপেটাৰোড ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাংগাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত এখন কাঠভৰ্তি এখন ট্ৰাক ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ ৷ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা NL-04-D7-8555 নম্বৰৰ ট্ৰাকেৰে কঢ়িয়াই অনা মূল্যবান কাঠৰ কুন্দাসমূহ বিহাৰৰ পাটনা অভিমুখে লৈ গৈ আছিল ।  

মঙলবাৰে পুৱতি নিশা উক্ত কাঠ ভৰ্তি ট্ৰাকখন বৰপেটাৰোডৰ কলহভাংগাৰ চাইনব'ৰ্ডৰ ওচৰ পাওতেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কাঠভৰ্তি ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ কাঠৰ কুন্দাসমূহ স্থানান্তৰ কৰাই ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়ে ৷ কাঠভৰ্তি ট্ৰাকখন দুৰ্ঘটনাত পতিত হোৱাত চালক আৰু হেণ্ডিমেন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে যদিও প্ৰাণ ৰক্ষা পৰে দুয়োৰে ৷  

লগতে পঢ়ক: মাকুম গান্ধীনগৰ তেল ডিপ'ৰ সমীপত পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.