Horrific incident in Lakhimpur:হৃদয় বিদাৰক: দুই সন্তানক হত্যা কৰি চিপ ল’লে মাতৃয়ে

By

Published : Jun 26, 2023, 10:13 PM IST

thumbnail

লখিমপুৰ, 26 জুন : লখিমপুৰৰ নাওবৈচাৰ শালমৰাত সোমবাৰে বিয়লি সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা । দুই দেৱশিশুক হত্যা কৰি মাতৃয়েও চিপলৈ কৰিলে আত্মহত্যা । স্বামী অক্ষয় পায়েঙে দিন হাজিৰা কৰিবলৈ যাওঁতেই পত্নীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা ।

দৰিদ্ৰতা আৰু পাৰিবাৰিক অশান্তিৰ বাবে এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি সন্দেহ প্ৰকাশ কৰিছে সকলোৱে । মাতৃয়ে হত্যা কৰা পুত্ৰ সন্তানৰ বয়স আছিল দুই বছৰ আৰু কন্যাৰ বয়স আছিল মাত্ৰ ১৫ দিন । মহিলাগৰাকী সৰুমাই মিলি (২৫) বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে ৷ ঘটনাস্থলীত উপস্থিত হয় লখিমপুৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । ইতিমধ্যে তিনিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : Karbi Anglong road condition:বাৰিষাৰ ঢলে উটুৱাই নিলে ওলমা দলং, ৰাইজৰ বিলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.