Tense Situation: ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ , ABMSUৰ সভাপতিৰ বাসগৃহত লংকাকাণ্ড

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:09 PM IST

thumbnail

ৰঙিয়া, 23 অক্টোবৰ : দুৰ্গা পূজাৰ উলহ মালহৰ মাজতে তামোলপুৰৰ দ্বাৰকুছিত লংকাকাণ্ড । ABMSU ৰ সভাপতি টাইছন হুছেইনৰ ঘৰত আক্ৰমণ কৰি ক্ষতিসাধন কৰিলে একাংশ উত্তেজিত লোকে ৷ 

প্ৰাপ্ত তথ্য অনুসৰি প্ৰথমাৱস্থাত দ্বাৰকুছি বজাৰ দুৰ্গা পূজা মণ্ডপত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত একেলগে নাচি বাগি আছিল অঞ্চলটোৰ একাংশ যুৱক ।  তাৰ মাজতে যুৱকদলৰ লগত টাইছনৰ তৰ্ক-বিতৰ্ক আৰম্ভ হয় ৷ তাৰ পিচতে এই কাজিয়াই ভয়ংকৰ ৰূপ লয় ৷  ইয়াৰে পৰিণতিত উত্তেজিত যুৱকৰ দল এটাই টাইছন হুছেইনৰ ঘৰত আক্ৰমণ কৰি ক্ষতিসাধন কৰাৰ লগতে ABMSU ৰ কাৰ্যালয়ত গুৰুতৰ ক্ষতিসাধন কৰে ৷ 

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত টাইছন হুছেইনে দলীয় কামৰ বাবে বিজনীত আছিল । টাইছনৰ বাসগৃহত বৃদ্ধ পিতৃ-মাতৃ অকলে আছিল । ফেচবুক লাইভযোগে এই সমগ্ৰ ঘটনা বিৱৰণী দিয়ে টাইছনে ৷

লগতে পঢ়ক: Durga Puja 2023: টিংখাঙত পূজা মণ্ডপে মণ্ডপে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.