Criminals arrested: একেলগে আৰক্ষীৰ জালত পৰিল 13 অপৰাধী

By

Published : Jul 26, 2023, 7:49 AM IST

thumbnail

হোজাই, 26 জুলাই : হোজাই আৰক্ষীৰ বিশেষ সফলতা ৷ একেলগে জালত পেলাবলৈ সক্ষম হ’ল বিভিন্ন অপৰাধৰ সৈতে জড়িত 13 অপৰাধীক । হোজাই জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ নেতৃত্বত এই অভিযান চলোৱা হয় । সোমবাৰৰ নিশা হোজাই জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই আৰক্ষীয়ে আটক কৰে লোককেইজনক ।

উল্লেখ্য যে, আটকাধীনকেইজন পূৰ্বেও বিভিন্ন অপৰাধজনিত কৰ্মত জড়িত থকাৰ অভিযোগ আছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে । আটকাধীন লোককেইজনৰ পৰা তিনিখন চুৰি বাইক উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত । 

আটকাধীনকেইজন বাবুল আহমেদ, শ্বাহনাৱাজ আহমেদ, মেহমাবুল হুছেইন, আব্দুল হাছিদ চৈয়দ, জয়নাল আবদিন, বদৰুল হক, আটাবুৰ ৰহমান, কোটায় মিঞা, মোস্তাফা, জামাল উদ্দিন, কমল উদ্দিন, ফাইজুৰ হক, ৰহিম উদ্দিন বুলি আৰক্ষীয়ে জনায় ৷

লগতে পঢ়ক : Golaghat Triple murder update : বুধবাৰে গোলাঘাটত মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.