Flood in Assam: নাৰায়ণপুৰত ভদীয়া বানৰ তাণ্ডৱ, প্ৰৱল সোঁতে ছিঙিলে গুৰুত্বপূৰ্ণ পথ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 1:25 PM IST

thumbnail

বিহপুৰীয়া, 28 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভদীয়া বানে ধাৰণ কৰিছে সংহাৰী মূৰ্তি । লখিমপুৰ জিলাতো কেইবাটাও স্থানত কেইবাখনো নৈয়ে শেহতীয়াকৈ সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । সম্প্ৰতি ভদীয়া বানৰ কবলত পৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেইবাখনো গাঁও । 

অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা দোৰপাং নৈৰ বাঢ়নী পানীত প্লাবিত হৈ পৰিছে ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ তৰানিখাট, আঠানিবড়ী, কাঠনিকে ধৰি কেইবাখনো গাঁও । নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়ি অহা দোৰপাং নৈৰ পানীয়ে উটুৱাই নিয়ে তৰানিখাট-আঠানিবড়ী সংযোগী গুৰুত্বপূৰ্ণ পথটিৰ প্ৰায় 50 মিটাৰ অংশ । ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত । 

শিক্ষাৰ্থীৰ পৰা সাধাৰণ পথচাৰীসকলেও যাতায়তৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে । দুৰ্ভাগ্যজনক বিষয় যে, ভদীয়া বানত বুৰ গৈছে বিঘাই বিঘাই শালি ধানৰ খেতি ।

লগতে পঢ়ক: Tea workers accident: ভাস্কৰ নাবাচিল; কি হ’ব পৰিয়ালৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.