Accident at Manikpur: মাণিকপুৰত যাত্ৰীবাহী মেজিক আৰু কন্টেইনাৰ মাজত মুখামুখি সংঘৰ্ষ

By

Published : Aug 20, 2023, 6:55 PM IST

thumbnail

বঙাইগাঁও, 20 আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী মেজিক আৰু কন্টেইনা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । সংঘৰ্ষত মেজিকত থকা চাৰিজন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক । আহত ক্ৰমে মৃদুল আলী, ছালেমা খাতুন, আলিমুন নেছা আৰু আজমিনা বেগম বুলি জানিব পৰা গৈছে ৷  

আহত সকলোক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও তিনিজনক সংকটজনক অৱস্থাত ফকৰুদ্দিন আলি আহমেদ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । 

দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী মেজিকখনৰ নম্বৰ As-15AC-6696 আৰু কন্টেইনাৰখনৰ নম্বৰ WB73G 5127 ৷ যাত্ৰীবাহী মেজিকখন মাণিকপুৰৰ পৰা বৰপেটাৰোড গৈ আছিল আৰু কন্টেইনাৰখন বৰপেটাৰোডৰ পৰা পশ্চিম বংগলৈ গৈ থাকোতে মাণিকপুৰত এই দুৰ্ঘটনা সংঘটিত হয় । 

লগতে পঢ়ক:Timber smuggling in Assam:বইটামাৰীত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.