Purvottar Swabhiman Utsav 2022 : দুদিনীয়কৈ পালন কৰা হ’ব ভাৰতীয় সেনাৰ পূৰ্বোত্তৰ স্বাভিমান মহোৎসৱ

By

Published : Nov 12, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডেণ্টৰ উদ্যোগত দুদিনীয়কৈ পালন কৰা হ’ব পূৰ্বোত্তৰ স্বাভিমান মহোৎসৱ । আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অহা 20 আৰু 21 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পূৰ্বোত্তৰ স্বাভিমান মহোৎসৱ (Two day conclave of Purvottar Swabhiman Utsav)৷ এই মহোৎসৱত অসম তথা উত্তৰ পূবৰ পৰম্পৰাগত লোক সংস্কৃতি প্ৰদৰ্শিত হ’ব । শনিবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে ভাৰতীয় সেনাৰ বিষয়ববীয়াসকলে (Indian army press meet) ৷ লগতে ভাৰতীয় সেনাৰ বিষয়ববীয়াই কয় যে, মহানগৰীৰ খানাপাৰা এডমিনিষ্টিটিভ ষ্টাফ কলেজত 20 নৱেম্বৰত সেনা বাহিনীয়ে আয়োজন কৰা অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা উপস্থিত থাকিব । 21 নৱেম্বৰত সৰুসজাইত ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে সংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব (Grand preparations for Purvottar Swabhiman Utsav 2022)। উক্ত অনুষ্ঠানত দেশ মাতৃৰ ৰক্ষাৰ হৈ প্ৰাণ আহুতি দিয়া সেনা জোৱানৰ পৰিয়াল আৰু মুক্তি যুঁজাৰুৰ পৰিয়ালকে ধৰি প্ৰায় নব্বৈটা পৰিয়ালক সন্মান জনোৱা হ’ব। উক্ত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত কলা, সংস্কৃতিক প্ৰদৰ্শন কৰাৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৰ্ব জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, টেটচিও চিষ্টাৰে গীত পৰিৱেশন কৰিব ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.