Mera bill mera adhikar:আজিয়েই ডাউনলোড কৰক "মেৰা বিল মেৰা অধিকাৰ" এপ

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:24 PM IST

thumbnail

যোৰহাট, 1 ছেপ্টেম্বৰ : কোটিপতি হোৱাৰ ইচ্ছা আছে যদি কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনি সুবিধা গ্ৰহণ কৰক ৷ কৰ ফাঁকিৰ ধাৰা নোহোৱা কৰিবৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ ৷ আপোনাৰ স্মাৰ্ট ফোনত আজিয়েই ডাউনলোড কৰক ম’বাইল এপ্লিকেচন "মেৰা বিল মেৰা অধিকাৰ" ৷

এতিয়াৰে পৰা GST আইনৰ অধীনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত বজাৰ কৰাৰ ৰছিদ "মেৰা বিল মেৰা অধিকাৰ" ম’বাইল এপ্লিকেচনত আপলোড কৰি লটাৰী যোগে আপুনিও হ’ব পাৰিব কোটিপতি ৷ কোতিপতি হোৱাৰ লগতে লাভ কৰিব পাৰিব বিভিন্ন ধৰণৰ আকৰ্ষণীয় উপহাৰ ।

কৰ ফাঁকিৰ ধাৰা নাইকিয়া কৰি সামগ্ৰী ক্ৰয়ৰ লগতে প্ৰতিজন গ্ৰাহকে ৰছিদ লোৱা আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহত অৰিহণা যোগোৱাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেই আজি যোৰহাটৰ আয়কৰ বিভাগৰ কাৰ্যালয়ৰ পৰা এক সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয় ।

উল্লেখ্য যে বৰ্তমান ৰাজ্যত একাংশ ব্যৱসায়ীয়ে বিভিন্ন উপায় অৱলম্বন কৰি আৰু একাংশ গ্ৰাহকৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কৰ ফাঁকি দি চৰকাৰৰ ৰাজহ ব্যৱস্থাক দুৰ্বল কৰি আহিছে, সেয়ে কৰ ফাঁকি ব্যৱস্থাটো সুচল কৰাৰ স্বাৰ্থত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । এই ব্যৱস্থাৰ জৰিয়তে কৰ ফাঁকিৰ ধাৰাটো স্বচ্ছ হৈ পৰিব বুলি আশা কৰিছে সচেতন ৰাইজে ।

লগতে পঢ়ক : Govt Launches New App: 'Mera bill mera adhikar' শীৰ্ষক এপ মুকলিৰ চৰকাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.