Crime in Guwahati: মহানগৰীত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

By

Published : Feb 11, 2023, 2:58 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

গুৱাহাটী ১১ ফেব্ৰুৱাৰী: আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো অপৰাধীৰ ৰম্য়ভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী । ঠগ-প্ৰৱঞ্চকৰে ভৰি পৰিছে মহানগৰী । নিতৌ সংঘটিত হৈ আছে হত্যা, হিংসা, লুন্ঠনৰ সমান্তৰালকৈ বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । অসম আৰক্ষীয়ে অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে যিমানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সিমানেই অপৰাধীয়ে সদায় নতুন নতুন কৌশল অৱলম্বন কৰি অপৰাধ সংঘটিত কৰি আছে । ৰাজ্য়ৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো অবাধে চলি আছে নকল সোণৰ ব্য়ৱসায় (Gold smuggling in Assam)।

আৰক্ষীৰ অভিযানৰ মাজতে গুৱাহাটী মহানগৰীত কৰায়ত্ব হ'ল এজন সোণ সৰবৰাহকাৰী । শুক্ৰবাৰে নিশা মহানগৰীৰ আন্ত:ৰাজ্য়িক বাছ আস্থানত( ISBT) আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে জব্দ হয় নকল সোনৰ নাৱৰ এটা অংশ (Smuggling gold seized in Guwahati)। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হয় এজন সোণ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীজনৰ নাম হৈছে বলোৰাম দত্ত । সৰবৰাহকাৰীজনৰ ঘৰ ধুবুৰী জিলাৰ গোলকগঞ্জত বুলি জানিব পৰা গৈছে (Gold Smuggler arrested at ISBT in Guwahati)।  

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি ৪০০ গ্ৰাম ওজনৰ নকল সোণৰ নাৱৰ টুকুৰাটো ৬ লক্ষাধিক টকাত বিক্ৰীৰ উদ্দেশ্যে সৰবৰাহকাৰীজনে গুৱাহাটীলৈ আনিছিল । সম্প্ৰতি গড়চুক আৰক্ষীয়ে সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে বিগত ৬ ফেব্ৰুৱাৰীত মহানগৰীৰ কটাহবাৰীত গড়চুক আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত জব্দ হৈছিল নকল সোণৰ নাৱৰ লগতে ৩ লক্ষাধিক টকা । গ্ৰেপ্তাৰ কৰা হৈছিল মইনুল হক আৰ নজৰুল ইছলাম নামৰ দুই সৰবৰাহকাৰী । 

উল্লেখ্য় যে ইয়াৰ পূৰ্বে ২০২২ চনৰ নৱেম্বৰতো গুৱাহাটী ৰে'ল ষ্টেচনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন সোণ সৰবৰাহকাৰীক ৷ গুৱাহাটী ৰে'ল আৰক্ষীয়ে ডিমাপুৰলৈ যোৱা নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে'লৰ পৰা এক কিলোগ্ৰাম ওজনৰ ছয়খন সোণৰ বিস্কুট জব্দ কৰিছিল । আৰক্ষীয়ে এই ঘটনাৰে জড়িত আব্দুল ৰহিম ফাৰুক নামৰ এজন সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক:Self-reliant in pickle business: আচাৰ ব্যৱসায়েৰে স্বাৱলম্বীতাৰ বাট দেখুৱাইছে দীপালী শইকীয়াই

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.