নৱবৰ্ষক আদৰিবলৈ সাজু ৰাজ্যবাসী; বনভোজস্থলীত বনভোজকাৰীৰ ভিৰ

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 2:59 PM IST

thumbnail

গোলাঘাট, 24 ডিচেম্বৰ : নতুন বছৰক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ দৈনন্দিত ব্যস্ততাৰ মাজতে লগে-ভাগে এসাঁজ খাবলৈ ওলাই আহিছে সকলো ৷ ৰাজ্যৰ বনভোজস্থলীসমূহত দেখা পোৱা গৈছে বনভোজকাৰীৰ ভিৰ ৷ ব্যতিক্ৰম নহয় গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰও ৷

হাঁহে-মাহে এসাঁজ পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে খাই সকলোৱে নতুন বছৰটিক আদৰিবলৈ সাজু হৈছে ৷ মুঠতে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰ যোগীবাৰীত বছৰৰ শেষৰ ফালে বহু পৰিয়ালে একেলগে তৃপ্তিৰে এসাঁজ খোৱা পৰিলক্ষিত হৈছে ৷ একপ্ৰকাৰে গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত পৰিভ্ৰমী চৰাইৰ কোলাহলত আনন্দ ফূৰ্তিৰ মাজেৰে এসাঁজ খাই গীত গাই আনন্দ উৎল্লাস কৰিছে বনভোজকাৰী দলে ৷ 

মুঠতে নৱবৰ্ষৰ প্ৰাকক্ষণত এইদৰে আনন্দ ফূৰ্তিৰ মাজেৰে পৰিয়ালৰ লগতে লগৰ সমনীয়াৰ লগত এসাঁজ খোৱাৰ মাদকতাই যে কিছু সুকীয়া ইয়াৰ প্ৰতিফলন ঘটিছে বনভোজস্থলীসমূহত ৷

লগতে পঢ়ক : শনিবাৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ দ্বিতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.