Ganja seized: ৰঙিয়াত বুজন পৰিমাণৰ গাঞ্জা জব্দ

By

Published : Dec 13, 2022, 10:39 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্য়াহত(Assam police Anti Drugs Movement) । পুনৰ ৰঙিয়াত ৩০ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ গাঞ্জা জব্দ কৰা হয়(Ganja seized in Rangia) । আৰক্ষীৰ অভিযানত ২৩ কেজি ৬৪৫ গ্ৰাম ওজনৰ নিষিদ্ধ গাঞ্জাসহ তিনিটাকৈ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী(Ganja peddler arrested at Rangia) । ৰঙিয়াৰ সমীপৰ পশ্চিম বিহাপাৰাত দুখনকৈ বাহনত তালাচী চলাই জব্দ কৰে গাঞ্জাখিনি । তাৰ পিছতে কামৰূপ আৰু তামুলপুৰৰ পৰা পৃথকে পৃথকে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত সৰবৰাহকাৰী কেইজন হৈছে ৰঙিয়াৰ ৯ নং ৱাৰ্ডৰ গোগমালাচাৰ কৰিম আলী, গড়ভিতৰ বালাগাঁৱৰ খাইৰুল ইছলাম আৰু পশ্চিম সীতাৰাৰ মজিবুৰ ৰহমান । আনহাতে জব্দ হোৱা গাঞ্জা খিনিৰ ওজন প্ৰায় ২৩ কেজি ৬৪৫ গ্ৰাম বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.