Ganja seized at Bokajan: ON ARMY DUTY লিখা ট্ৰাকত পেকেটে পেকেটে ওলাল গাঞ্জা

By

Published : Jul 15, 2022, 1:52 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে গাঞ্জা সৰবৰাহৰ সংখ্যা (Ganja seized at Bokajan) ৷ ৰাজ্যত গাঞ্জা সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে আৰক্ষীৰ চকুত ধূলি ছটিওৱাৰ চেষ্টা ৰামৰ ৷ চোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে চাঁই, জাৰ যি স্বভাৱ মৰিলে লগত যায় -এই আপ্তবাক্যাশাৰী পুনৰ প্ৰমাণ কৰিলে চতুৰ ৰামে ৷ নিচাযুক্ত সামগ্ৰীসমূহ সৰবৰাহ কৰিবলৈ ৰামে ট্ৰাকখনত কৌশলগতভাৱে 'ON ARMY DUTY' লিখি লৈছিল ৷ শুকুৰবাৰে বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ থানা এলেকাৰ খাকৰাজানত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন বৰুৱাৰ নেতৃত্বত উপ-ৰিদৰ্শক কুলেন্দ্ৰ নাথ, সহকাৰী উপ-পৰিদৰ্শক বিদ্যা বৰা, থানাৰ আৰক্ষী আৰু চিআৰপিএফ চি 20 কোম্পানীৰ এটা দলৰ সহযোগত নাকা তালাচী চলোৱা হয় ৷ আৰক্ষীয়ে এই অভিযানত পুৱা প্ৰায় 6.30 বজাত ডিমাপুৰৰ পৰা আহি থকা এনএল ০১ এ ০১৬৪ নম্বৰৰ ট্ৰাক এখনত তালাচী চলাই ট্ৰাকখনৰ পৰা মুঠ 46 পেকেট গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত গাঞ্জাখিনি 477 কিঃগ্ৰাঃ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে গাঞ্জা খিনিৰ সৈতে ট্ৰাকখনৰ চালক ৰাম চন্দ্ৰ যাদৱ (57)ক আটক কৰে ৷ গুৱাহাটীৰ বেলতলাৰ বাসিন্দা ৰাম ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.