Crime in Barpeta:বৰপেটাৰ জনীয়াত উৎখাত বৃহৎ জুৱাৰ ঘাটি

By

Published : May 27, 2023, 7:43 PM IST

thumbnail

জনীয়া, ২৭ মে: শনিবাৰে বৃহৎ জুৱাৰ ঘাটি উৎখাত বৰপেটা আৰক্ষীৰ । জুৱাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ সফল অভিযান (Gambler arrested in Jania)। জিলাখনৰ জনীয়াত উৎখাত জুৱাৰ ঘাটি । জনীয়াৰ চৌধুৰী বজাৰৰ পৰা ১৫ জুৱাৰীক আটক কৰিছে বৰপেটা আৰক্ষীয়ে । বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ চৌধুৰী বজাৰত দীৰ্ঘ দিনৰ পৰাই চলি আছিল বৃহৎ জুৱাৰ ঘাটি । বৰপেটাৰ সদৰ আৰক্ষীৰ নেতৃত্বত চলিছিল জুৱা বিৰোধী অভিযান (Anti Gambling mission in Barpeta)৷

এই অভিযানত বৰপেটা আৰক্ষীয়ে ১৫ গৰাকী জুৱাৰীক আটক কৰাৰ লগতে জুৱাৰ ঘাটিৰ পৰা জব্দ নগদ ধন আৰু জুৱাৰ সামগ্ৰী । লগতে জব্দ কৰে ১৫ টাকৈ মোবাইল আৰু এখনয় চাৰিচকীয়া বাহন ৷উল্লেখযোগ্য যে, দিনৰ পোহৰতে মুকলিকৈ এনেদৰে প্ৰত্যেকদিনাই জনীয়াৰ চৌধুৰী বজাৰৰ পিছপিনে বেকী নদীৰ পাৰত জুৱাৰ আড্ডা চলাই আহিছিল এইসকল জুৱাৰীয়ে । এই জুৱা খেলত ডেকাৰ পৰা বুঢ়ালৈকে মগ্ন থাকে । জুৱা খেলৰ লগে লগে অঞ্চলটোত বৃদ্ধি পাবলৈ ধৰিছে চুৰি, মদ, ভাং আৰু ড্ৰাগছৰ বেহা । 

লগতে পঢ়ক:Tea factory open in Dhemaji: আশাৰ বতৰা কঢ়িয়াইছে বগীবিল চাহ ফেক্টৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.