Fraud arrested at Dhemaji: চিকিৎসাৰ নামত বিভিন্ন মহিলাৰ লগত অবৈধ সম্পৰ্ক ভণ্ড কবিৰাজৰ

By

Published : May 26, 2023, 2:20 PM IST

thumbnail

জোনাই ২৬ মে’: জোনাইৰ এজন ভণ্ড কবিৰাজৰ অবৈধ প্ৰেম । চিকিৎসাৰ‌ নামত বহু মহিলাৰ লগত সম্পৰ্ক গঢ়ি তোলে এই ভণ্ড কবিৰাজজনে । বৰপেটাৰ কলগছিয়াৰ কবিৰাজৰূপী চুব্বত আলি নামৰ ব্যক্তিজনে জোনাইৰ উদয়পুৰত এটা ভাড়াঘৰ লৈ মিস্ত্ৰী কামৰ লগতে হেনো বহু ৰোগৰ চিকিৎসা কৰে । কিন্তু কবিৰাজজনৰ চিন্তা সুকীয়া । প্ৰথমতে চিকিৎসা পিচলৈ অবৈধ প্ৰেম (Fraud doctor arrested at Dhemaji)।

নিজৰ ঘৰ-বাৰী এৰি প্ৰায় এবছৰ আগৰ পৰা জোনাইৰ এখন ভাড়াঘৰতে থাকি ভণ্ডৰূপী কবিৰাজজনে হেনো বিভিন্ন ৰোগৰ চিকিৎসা কৰি আহিছে । অকল এইয়াই নহয় ৰাইজৰ অভিযোগ, ভণ্ড কবিৰাজজনে অকল এজনী নহয় তিনিজনী মহিলা লগত লৈ থাকে তেওঁৰ ভাড়াঘৰত (Fraud doctor arrested for womanising habits)। কিন্তু বৃহস্পতিবাৰৰ সন্ধিয়া কবিৰাজনৰ লগতে প্ৰেমিকাজনীৰ আছিল কপাল বেয়া । অনৈতিক কাৰ্যত লিপ্ত হৈ থকা অৱস্থাত স্থানীয় ৰাইজে হাতেলোটে ধৰি জোনাই আৰক্ষীক গতাই দিয়ে ভণ্ড কবিৰাজৰ লগতে প্ৰেমিকাগৰাকীক ।

লগতে পঢ়ক: Student beaten by teacher: কণমানি ছাত্ৰক সামান্য কাৰণতেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.